11 August, 2013

বিশ্বাসৰ হাততে সফল জীৱন...

বিশ্বাসেই হ'ল জীৱনত সফলতা অৰ্জনৰ প্ৰধান চাবিকাঠি। বিশ্বাস শব্দটো কওঁতে, কৰিবলৈ লোৱা কামটো আৰু কৰিবলৈ যোৱা জন অৰ্থাৎ নিজৰ ওপৰত থাকিবলগা বিশ্বাসৰ কথা অনুকিওৱা হৈছে। সেই বিশ্বাসৰ ফলত সাহস আৰু আগ্ৰহ বৃদ্ধি পায়। কামটো অতি সহজ হৈ পৰে। ক'ৰবাত চামচুল হুদা নামৰ লেখক এজনে লিখা মনত আছে- 'বিশ্বাসক চিন্তাৰ সতে ভাল ধৰণে মিশ্ৰণ কৰিব পাৰিলে আত্মিক ক্ষমতাক গতিময় কৰি জীৱন ৰঙীন কৰি তুলিব পাৰি। নিজ ইচ্ছা পূৰণৰ নিৰ্দিষ্ট পৰিকল্পনাই স্বতঃস্ফুটভাবে কাম কৰি যায়।' তেখেতৰ ভাষাতেই কওঁ- বিশ্বাসে মানুহৰ ভিতৰৰ আত্মিক শক্তি আৰু আত্মিক সাহস জগাই তোলে। যাৰ ফলত মানুহে ক'ব নোৱাৰাকৈয়ে, বহু জটিল কামো সহজতেই সমাধা হৈ যায়। এতিয়া কথা হ'ল, বিশ্বাস ক'ত থাকে আৰু ক'ৰ পৰা আহিব? লেখক জনে আকৌ এঠাইত লিখিছে- 'সদৰ্থক চিন্তাৰ পৰিপূৰ্ণতাই বিশ্বাসৰ স্থায়ী আশ্ৰয়। বিশ্বাসৰ ব্যপ্তি অসীম।' সহজ অৰ্থত যি সকল মানুহে কাম কৰা বা পৰিকল্পনা কৰাৰ পূৰ্বে বিয়োগাত্মক চিন্তাৰ কণমানো যদি অবতাৰণা কৰে, তেতিয়া কামটোত আশানুৰূপ ফল লাভ কৰা নাযায়। কাৰণ,জলজল পটপট। নিশ্চয়কৈ বিশ্বাসে ধনাত্মক চিন্তাৰ গৰাকীক হে লগ দিয়ে। বিশ্বাস জগাই তোলক, নিসন্দেহে কঠোৰ পৰিশ্ৰমী, নিষ্ঠাবান হ'ব পাৰিব। শেষত কওঁ, জীৱন সঁচাকৈয়ে সুন্দৰ, দুৰ্দান্ত প্ৰাণ প্ৰাচুৰ্যময়। অপৰিসীম শক্তিৰ উৎস জীৱন। জীৱনক ভাল পাওঁক, জীৱনেও আপোনাক ভাল পাব।

মিনিৰ খবৰ...

''এই পাত তোলা হাতবোৰ অভ্যাসত খৰ/
এবুকু চাহৰ কুঁহিপাত/
 তাত মিনিৰ চকু/
তাত মিনিৰ বুকু/
 আচলতে নাই...''
 (মিনিৰ খবৰঃকেশৱ মহন্ত )
... ... ...
আমাৰ সকলোৱে অৱগত যে কৃষি ভিত্তিক উদ্যোগ চাহ খেতি অসমত আৰম্ভ কৰিছিল ঔপনিৱেশিক ব্ৰিটিছসকলে। ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ পাচত অসমলৈ অহা ব্ৰিটিছসকলে ১৮৩৪ চনতেই অসমচাহ সমিতি গঠন কৰে। ১৮৩৬ চনত পৰীক্ষামূলকভাৱে প্ৰথমখন চাহ বাগিচা পাতি ১৮৩৭ চনত সফলতাৰে চাহপাত প্ৰস্তুত কৰে। ১৯০০ চনত অসমত চাহ বাগিচাৰ সংখ্যা হ'লগৈ ৮০৪ খন। আৰম্ভণিতে বাগিচাৰ কাৰণে প্ৰয়োজন হোৱা শ্ৰমিক হিচাপে স্থানীয় দৰং, গোৱালপাৰা, কামৰূপ আদিৰ কছাৰী লোকসকলক নিয়োগ কৰা হৈছিল। কিন্তু এই জনগোষ্ঠীৰ মাত্ৰ ৫% শ্ৰমিকহে চাহ শিল্পৰ লগত জৰিত আছিল। অধিকাংশ শ্ৰমিকেই অসমৰ বাহিৰৰ পৰা অহা। ড° উমানন্দ ফুকনৰ মতে অসমৰ জনসংখ্যাৰ বিশ শতাংশ চাহ জনজাতিৰ লোক। এই ক্ষেত্ৰত এক পৰিসংখ্যা আগবঢ়াব পাৰি। ১৮৮৪-৮৫চনত অসমৰ চাহ শ্ৰমিকৰ ৪৪.৭% আছিল ছোটনাগপুৰৰ, ২৭.২% আছিল বংগদেশৰ, ২১.৬% আছিল উত্তৰ প্ৰদেশ আৰু বিহাৰৰ, ০.২% আছিল বম্বেৰ, ০.৭% মাদ্ৰাজৰ আৰু ৫.৫% আছিল অসমৰ স্থানীয় লোক। ব্ৰিটিছসকলে অসমৰ বাগিচালৈ প্ৰথম চাহ শ্ৰমিক আনিছিল ১৮৪১ চনত ছোটনাগপুৰৰ পৰা।

এই চাহ শ্ৰমিকসকল আৰম্ভণিৰেপৰা মালিকসকলৰ শোষণৰ আহিলা হিচাপে ব্যৱহৃত হৈছিল। ইয়াৰ মূল কাৰণ হ'লঅধিকাংশ শ্ৰমিকৰে স্থানীয় অৱলম্বনৰ অভাৱ আছিল।~~ আমি সকলোৱেই দেখি থকা সাধাৰণ ছবিখন এনেকোৱাঃ ৰাতিপুৱাই মিনিৰ পৰিয়ালৰ সকলো সদস্য (কেচুঁৱাৰ বাদে) ঘৰৰ পৰা ওলাই যায়। মিনিহঁত প্ৰায়ে যায় পাত তুলিবলৈ, বাগানত। চাহ বাগানবোৰৰ স্থায়ী কৰ্মচাৰী সকলৰ সেইয়াই দিনলিপি। এটি কলি দুটি পাতৰ আঁৰে আঁৰে হাঁহি খিকিন্দালিকৰি পাত তুলি যায়। ভোক লাগিলে মোনাত অনা আহাৰ মেলি লয়। আবেলিলৈকে সেই কাম। কেঁচা পাতৰ আৰু ঘামৰ গোন্ধৰ সংমিশ্ৰনত জীৱনবোৰ আগুৱাই যায়। আবেলি মূৰত এবোজা খৰি বান্ধি ঘৰমুৱা মিনিহঁততেনেদৰেই সুখী। সুখৰ অন্বেষণত ব্ৰতী। দুখ আৰু হাৰিয়া ৰাগীত মাতাল সময়। কেঁচা পাততেই সিহঁতৰ জীৱন-যৌৱন, প্ৰেম-বিৰহ। আড়ম্বৰহীন মিনিহঁতৰ সুকীয়া জীৱন।¤¤


~~ তথ্যমুলক টোকাখিনি ''অসমৰ চাহ জনগোষ্ঠী, এটি আলোকপাত'' (শান্তিছায়া বৰুৱা) পৰা আলম লোৱা হৈছে।

আশাবাদ, দুখেৰেই জীৱন...

নিতান্তই জীয়াই থকাৰ তাড়নাতেই আমি কোনেও জীয়াই থকা নাই, কঢ়িয়াব লাগিব বুলিয়েই অসহনীয় জীৱনটোক ইতৰ প্ৰাণীৰ দৰে কঢ়িয়াই লৈ ফুৰা নাই। এক প্ৰচ্ছন্ন আশাবাদে ক্ৰিয়া কৰে অহৰহ আমাৰ মনোজগতত। এক অবিৰাম যাত্ৰা, তাতেই একাঁজলিআশা। সেই যাত্ৰাৰ শেষ নাই জাঁক হেৰুৱা পক্ষী হৈ, কেতিয়াবা জাঁকৰভৰত বাট আগুৱাই দিগন্তলৈ। নিষ্ঠুৰ বাস্তৱৰ ৰুঢ়তাই ক্ষত-বিক্ষত কৰে এধানমান প্ৰাণটি। তথাপি মুমূৰ্ষ প্ৰাণতোপুনৰ সৃষ্টি হয় স্পন্দনৰ, আশাই সঞ্চাৰ কৰে প্ৰাণৰ, সেউজীয়াই ভিৰকৰে দুচকুত। আশাবাদক মূল হোতা কৰি লৈয়ে মানুহজীয়াই থাকে। তথাপি মন কৰিবলগা কথাটো হ'ল- বৰ্তমান যিমানেই সুন্দৰ নহওঁক কিয় তাক লৈ কোনো সুখী নহয়। পোৱাতকৈ অধিক সুন্দৰ জীৱনৰ স্বপ্ন সকলোকে আশাবাদে দেখুৱাই। জৰ্জ এলিয়টে কৈছিল,"আশাবাদ মানে হ'ল এনে এটা প্ৰত্যয় যে, বৰ্তমানটো মোটামুটিভাৱে অতীততকৈ ভাল আৰু আমি যদি চেষ্টা কৰি থাকো, ভৱিষ্যতে বৰ্তমানতকৈ নিশ্চয় ভালহ'ব।'' মানুহৰ জীৱনটো আন্ধাৰ আৰু পোহৰৰ সংমিশ্ৰণতে গঢ় লৈ উঠে। আন্ধাৰৰ পিছত যিদৰে পোহৰ আহে আৰু পোহৰৰ পিছত আন্ধাৰ আহে আমাৰ জীৱনতো দুখৰ পিছত সুখ আহে। শংকাৰ প্ৰয়োজন নাই। জীৱনটো কেনেদৰে সজাব, কিদৰে ৰাখিব সেইয়া নিজস্ব, একান্ত ব্যক্তিগত। যিবোৰ কৰিলে আত্মসন্মান লাঘৱ হয়, আনে দুখ পায়,সেয়া বাদ দিবই লাগিব। পৰিৱৰ্তে যিখিনিয়ে আত্মবিশ্বাস আৰু আত্মপ্ৰত্যয় জন্মাই সেইয়াহে গ্ৰহনযোগ্য। সুখ অৱধাৰিত।

 ...জীৱনৰ খলাবমাত দুখ জীৱনৰ লগৰীয়া। দুখ হ'ল এক মানসিক অৱস্থা। মানসিক স্তৰৰ ওপৰত নিৰ্ভৰ কৰি দুখৰ ওজন কম বেছি হয়। এনে কিছু মানুহো আছে যিজনে বুকুৰভিতৰতে বা মনৰ ভিতৰতে দুখ লুকুৱাই ৰাখি আনক দেখুৱাই হাঁহি-ধেমালি কৰে। মুঠৰ ওপৰত দুখৰ সময়ত ধৈৰ্য্য ধৰিব পাৰিলেহে হতাশাক আঁকোৱালি ল'বলগীয়া নহয়। দুখে মন আৰু আৱেগিক কৰি তুলিলেও দুখৰ পৰা জ্ঞান লাভ কৰিব পাৰি। এই পৃথিৱীত বহুতো কবি, সাহিত্যিকবা সৃষ্টিশীল লোক আছে যি দুখৰ পৰা অৰ্জন কৰা শিক্ষাক লৈ সৃষ্টিকৰ্মত মূল্যৱান অৱদান যোগাইছে।...''কবি মই নাছিলো কোনোকালে/ ব্যৰ্থতাৰ আন্ধাৰে সত্যক সহজে ল'বলৈ শিকালে/ কবি মই নাছিলো কোনোকালে।'' -হীৰেন ভট্টাচাৰ্য... ''জীৱনটো আজিয়েই উপভোগ কৰা। কাইলৈ ই সলনি হৈ যাব।'' -ৰামজীৱেন আহকছোন জীৱনটো উপভোগ কৰো। (সহায় লৈ)

বন্ধু মেলি দে তোৰ দুখৰ দুখনি হাত...

'বন্ধু মেলি দে তোৰ দুখৰ দুখনি হাত
এবাৰ জিৰাওঁ তোৰ বুকুৰ শীতল ছাঁত।
 হাবিৰ চৰাই হাবিয়েদি উৰি যায়
শুনো কি নুশুনো উৰণীয়া মাত
 মোৰ হাবিয়াস নপলায়
 বন্ধু লাহী পাখিত বেলি আহি লহিয়ায়
 নেদেখিলে সেই চৰাইৰে জাক
 মোৰ হাবিয়াস নপলায়
বন্ধু চকুলোৱে ঢাকে মোৰ দূৰণিৰ বাট।'
 (হীৰেন ভট্টাচাৰ্য)

... তেজ মঙহৰ সম্পৰ্কৰ পাছতেই মানুহৰজীৱনত লেখত ল'ব লগা কোনো আছে যদি সেয়ে বন্ধু। বন্ধুত্ব... আত্মাই আত্মাই খাপ খাইথকা এটা সম্পৰ্ক। জীৱনটোক অধিক সাৱলীল কৰি তুলিবলৈ প্ৰয়োজন, এই সম্পৰ্কৰ। জীৱনটোক অধিক ৰঙীন আৰু অৰ্থপূৰ্ণ কৰিবলৈ প্ৰয়োজন এইসম্পৰ্কৰ। পৃথিৱীখনক জনা আৰু বুজা হোৱাৰ পৰাই হৃদয়ে অন্বেষণ কৰি থকা সেই আত্মাৰ প্ৰাপ্তিয়েই বন্ধুত্ব। সৰু এটা কথা মনলৈ আহিছে। বিপদৰ বন্ধুহে আছল বন্ধু। বন্ধু শব্দটোৰ লগত এই প্ৰবচন কিমান সম্পৃক্ত আলোচনাৰ নিঃপ্ৰয়োজন। মন কৰিব এনেকৈহে সেই প্ৰকৃত বন্ধুজনে বিপদত বন্ধুজনক সহায় নকৰাকৈ নাথাকে। কথাটো এনেকোৱা বন্ধু এজনক বিপদৰ সময়ৰ পৰা মুল্যাংকন কৰাৰ সলনি বন্ধুজনৰ আত্মাৰ মিলনেৰে সুহৃদ সম্পৰ্ক গঢ়ি জীৱনৰ বাটত আগুৱাৰহে কথা। বন্ধু এজনে কি কৰিব পাৰে নাইবা বন্ধুৰ অবিহনে কি হ'ব পাৰে আপুনি যিদৰে ক'বলৈ গৈ উজুটি খাব, সকলোৱে খাব। সেয়ে বন্ধুত্বৰ সংজ্ঞা নাই। যিদৰে নাই আন্তৰিকতাৰ। আহকছোন ৰাষ্ট্রীয় বন্ধুত্বৰ এই দিনটোত বন্ধুক সন্মানৰ বিশেষ দৃষ্টিৰে চাওঁ।

লিমাৰিক

স্বাধীনতা দিৱস আহিলে বুলি অহুকাণে পহুকাণে শুনিছো
 গাড়ীত কেইবাৰ চেকিং কৰে বাটে পথে গনিছো
নিউজ নাচালে পাহৰিয়ে থাকে
 দিৱসটো যে স্কুলতো পাতে
 ১৫ আগষ্ট কি তাৰিখে পাতে নিজকে নিজেই সুধিছো।

স্বাগতম


আপোনালোক সকলোলৈ স্বাগতম।
এইয়া মোৰ হৃদয়ৰ ৰাগ, জীৱনৰ ৰাগ, সপোনৰ ৰাগ।
মোৰ সত্তাত ঢৌ খেলা এমুঠি ৰাগক বুটলি ঠাই দিছো।
আপোনালোকৰ সময়বোৰ শুভ হওঁক।