23 November, 2016

চাকি

গিৰিজনি ভয়ানক, বোকা পানী, খাল
চেকুঁৰা চেকুঁৰ ৰঙা, আলি কাঁইটৰ
ঠায়ে ঠায়ে জেং-জোঙ, ঠায়ে ঠায়ে গড়
অতবোৰ আন্ধাৰতো বাট আছে ভাল৷

ৰাজআলিত মানুহ, ঘৰৰ ন-চাল
জ্বলি উঠে, গাঁৱে ভূয়ে জুই মৰ্‌মৰ্৷
কুটনীতি-ৰাজনীতি, ৰজা খৰধৰ
বাট সি ঘূৰ্মুটিয়াই, ৰাগী যাৰ ভাল৷

চেতন মনৰ মানুহ, নাই কোৰ্হাল
এটি দুটি আহি আহি, সাগৰ সমান
সত্য পোহৰ অন্বেষী, হৃদয় মহান
চাকি সন্ধানী লোক নহওঁক আকাল৷

মিলন চাকিয়ে ফালে শোষণৰ জাল
প্ৰেমৰ চাকিত সমন্বয়ৰ চোতাল৷

No comments:

Post a Comment

স্বাগতম


আপোনালোক সকলোলৈ স্বাগতম।
এইয়া মোৰ হৃদয়ৰ ৰাগ, জীৱনৰ ৰাগ, সপোনৰ ৰাগ।
মোৰ সত্তাত ঢৌ খেলা এমুঠি ৰাগক বুটলি ঠাই দিছো।
আপোনালোকৰ সময়বোৰ শুভ হওঁক।